Posts

কি শিক্ষা লুকাই আছে হাতীৰ ভৰিৰ শিকলিডালত চাওঁক

Image
  স্থলত বাস কৰা জীৱকূলৰ ভিতৰত হাতীকেই আটাইতকৈ ডাঙৰ জন্তু বুলি গন্য কৰা হয়। আপুনি নিশ্চয় দেখিছে বৃহৎ হাতীটোক তুলনামূলক ভাৱে সৰু এডাল শিকলিৰে বান্ধি ৰখা হয়।প্ৰকাণ্ড হাতীটোৱে মন কৰিলে তাৰ গাৰ সমস্ত জোৰেৰে শিকলিডাল ছিঙি মুক্ত হব পাৰে।কিন্তু বৃহৎ হাতীটোৱে তাৰ শক্তিৰ তুলনাত সামান্য শিকলিডাল কেতিয়াও ছিঙিব নোৱাৰে।কিয়?ইয়াৰ উত্তৰটোৰ সৈতে আপোনাৰ-মোৰ জীৱনৰ সফলতা-বিফলতা, প্ৰত‍্যয়-আত্মবিশ্বাসৰ বহু সম্পৰ্ক আছে। জন্মৰ কিছুদিন পিছৰ পৰাই হাতী পোৱালিটোক এতিয়াৰ শিকলিডালৰ সৈতে প্ৰায় সমান ওজনৰ শিকলি এডালেৰে বান্ধি পেলোৱা হয়।পোৱালি হাতীটোৱে তাৰ গাৰ সমস্ত জোৰেৰে শিকলিডালৰ পৰা মুক্ত হবলৈ যত্ন কৰে।কিন্তু সৰু পোৱালিটোৰ বাবে সেয়া সম্ভৱ নহয়।বহু চেষ্টাৰ শেষত তাৰ মনত 'নোৱাৰা' ভাৱটো ইমান দৃঢ় হৈ পৰে যে সি চেষ্টা কৰিবলৈ এৰি দিয়ে। দিন গৈ থাকে।হাতীটোৰো আকাৰ, শক্তি বাঢ়ি গৈ থাকে; অথচ শিকলিডাল একে থাকে। 'পাৰিম' বুলি মনোবল থকা হ'লে হাতীটোৱে একেটানে মুক্ত হ'ব পাৰে। তাৰ দেহত আছে অফুৰন্ত শক্তি, কিন্তু শিকলিডালৰ পৰা মুক্ত হব পৰাকৈ সি ইতিমধ্যে মনোবল হেৰুৱাই পেলালে।যাৰ ফলত বৃহৎ স্থলচৰ হোৱা স্ব...

ডাঙৰ মানুহৰ সৰু সৰু কাহিনী

Image
সহকৰ্মীৰ সৈতে ৰেষ্টুৰেন্টত কফি পি আছিলোঁ।এনেতে এটা পঁইটাচোৰা হঠাৎ এগৰাকী মহিলাৰ গাত পৰিল। তেখেতে ভয়ত বিতত হৈ অকল চিঞৰ-বাখৰ কৰাই নহয়,হাত-ভৰি জোকাৰি কান্দি-কান্দি জঁপিয়াবলৈ ধৰিলে।মহিলাগৰাকীয়ে অৱশেষত গাৰ পৰা পঁইটাচোৰাটো চিটীকাই পঠিয়ালে যদিও সিয়ো কিংকৰ্তব‍্যবিমুঢ় হৈ আন এগৰাকী মহিলাৰ গাত উঠিলগৈ।অনুৰূপ সেই মহিলাগৰাকীয়েও চিঞৰ-বাখৰ লগাবলৈ আৰম্ভ কৰিলে। ৰেষ্টুৰেন্টখনৰ ৱেটাৰজন দৌৰি আহি পঁইটাচোৰাটো আঁতৰাবলৈ চেষ্টা কৰোঁতে তেওঁৰ চাৰ্টত বগালগৈ।তেনেতে ৱেটাৰজনে আত্মবিশ্বাসেৰে ৰৈ দিলে আৰু তাক কেনেকৈ আঁতৰাব পাৰি চিন্তা কৰিলে।পিচ মুহূৰ্ততে তেওঁ সাৱধানেৰে তাক ধৰি বাহিৰলৈ দলিয়াই দিলে। কফিৰ কাপটো আঁতৰাই থৈ ঘটনাটো চাই থাকোঁতেই হঠাৎ মোৰ মনলৈ আহিল যে ঘটনাটো সৰু,কিন্তু নীতিশিক্ষা গভীৰ। সেই অপ্ৰীতিকৰ ঘটনাটোৰ বাবে পঁইটাচোৰাটো দায়ীনে?কেতিয়াও নহয়।দায়ী সেই মহিলা দুগৰাকীৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাৰ অসমৰ্থতাহে।সাহসী ৱেটাৰজনে সেই সময়ত অধৈৰ্য নহৈ সমাধানৰ পথ বিচাৰিছিল আৰু সমস্যাক আঁতৰাই পঠিয়াবলৈ সমৰ্থ হৈছিল। মই অনুভৱ কৰিলোঁ, মোৰ দেউতা, বচ্ নাইবা মোৰ পত্নীৰ চিঞৰ-বাখৰ বোৰ মোৰ সমস্যা নহয়,তেনে পৰিস্থিতি ...