কি শিক্ষা লুকাই আছে হাতীৰ ভৰিৰ শিকলিডালত চাওঁক
স্থলত বাস কৰা জীৱকূলৰ ভিতৰত হাতীকেই আটাইতকৈ ডাঙৰ জন্তু বুলি গন্য কৰা হয়।
আপুনি নিশ্চয় দেখিছে বৃহৎ হাতীটোক তুলনামূলক ভাৱে সৰু এডাল শিকলিৰে বান্ধি ৰখা হয়।প্ৰকাণ্ড হাতীটোৱে মন কৰিলে তাৰ গাৰ সমস্ত জোৰেৰে শিকলিডাল ছিঙি মুক্ত হব পাৰে।কিন্তু বৃহৎ হাতীটোৱে তাৰ শক্তিৰ তুলনাত সামান্য শিকলিডাল কেতিয়াও ছিঙিব নোৱাৰে।কিয়?ইয়াৰ উত্তৰটোৰ সৈতে আপোনাৰ-মোৰ জীৱনৰ সফলতা-বিফলতা, প্ৰত্যয়-আত্মবিশ্বাসৰ বহু সম্পৰ্ক আছে।
জন্মৰ কিছুদিন পিছৰ পৰাই হাতী পোৱালিটোক এতিয়াৰ শিকলিডালৰ সৈতে প্ৰায় সমান ওজনৰ শিকলি এডালেৰে বান্ধি পেলোৱা হয়।পোৱালি হাতীটোৱে তাৰ গাৰ সমস্ত জোৰেৰে শিকলিডালৰ পৰা মুক্ত হবলৈ যত্ন কৰে।কিন্তু সৰু পোৱালিটোৰ বাবে সেয়া সম্ভৱ নহয়।বহু চেষ্টাৰ শেষত তাৰ মনত 'নোৱাৰা' ভাৱটো ইমান দৃঢ় হৈ পৰে যে সি চেষ্টা কৰিবলৈ এৰি দিয়ে।
দিন গৈ থাকে।হাতীটোৰো আকাৰ, শক্তি বাঢ়ি গৈ থাকে; অথচ শিকলিডাল একে থাকে। 'পাৰিম' বুলি মনোবল থকা হ'লে হাতীটোৱে একেটানে মুক্ত হ'ব পাৰে। তাৰ দেহত আছে অফুৰন্ত শক্তি, কিন্তু শিকলিডালৰ পৰা মুক্ত হব পৰাকৈ সি ইতিমধ্যে মনোবল হেৰুৱাই পেলালে।যাৰ ফলত বৃহৎ স্থলচৰ হোৱা স্বত্বেও সি আমৰণ বন্দীত্বৰ জীৱন কটাবলগীয়া হয়।
নীতিশিক্ষা:
আপুনি নিজক চিনা উচিত।আপোনাৰ সম্ভাৱনীয়তাক যদি আপুনি অনুধাৱন কৰিব পাৰে, পৃথিৱীৰ কোনো অপশক্তিয়ে আপোনাক ঢাকি ৰাখিব নোৱাৰে।
Anindita Swornakar

really👌
ReplyDeleteThanks for your complement
DeleteNice
ReplyDeleteThank you
DeleteGood job, sister.
ReplyDeleteThank you so much
Delete