ডাঙৰ মানুহৰ সৰু সৰু কাহিনী

সহকৰ্মীৰ সৈতে ৰেষ্টুৰেন্টত কফি পি আছিলোঁ।এনেতে এটা পঁইটাচোৰা হঠাৎ এগৰাকী মহিলাৰ গাত পৰিল।


তেখেতে ভয়ত বিতত হৈ অকল চিঞৰ-বাখৰ কৰাই নহয়,হাত-ভৰি জোকাৰি কান্দি-কান্দি জঁপিয়াবলৈ ধৰিলে।মহিলাগৰাকীয়ে অৱশেষত গাৰ পৰা পঁইটাচোৰাটো চিটীকাই পঠিয়ালে যদিও সিয়ো কিংকৰ্তব‍্যবিমুঢ় হৈ আন এগৰাকী মহিলাৰ গাত উঠিলগৈ।অনুৰূপ সেই মহিলাগৰাকীয়েও চিঞৰ-বাখৰ লগাবলৈ আৰম্ভ কৰিলে।

ৰেষ্টুৰেন্টখনৰ ৱেটাৰজন দৌৰি আহি পঁইটাচোৰাটো আঁতৰাবলৈ চেষ্টা কৰোঁতে তেওঁৰ চাৰ্টত বগালগৈ।তেনেতে ৱেটাৰজনে আত্মবিশ্বাসেৰে ৰৈ দিলে আৰু তাক কেনেকৈ আঁতৰাব পাৰি চিন্তা কৰিলে।পিচ মুহূৰ্ততে তেওঁ সাৱধানেৰে তাক ধৰি বাহিৰলৈ দলিয়াই দিলে।

কফিৰ কাপটো আঁতৰাই থৈ ঘটনাটো চাই থাকোঁতেই হঠাৎ মোৰ মনলৈ আহিল যে ঘটনাটো সৰু,কিন্তু নীতিশিক্ষা গভীৰ।

সেই অপ্ৰীতিকৰ ঘটনাটোৰ বাবে পঁইটাচোৰাটো দায়ীনে?কেতিয়াও নহয়।দায়ী সেই মহিলা দুগৰাকীৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাৰ অসমৰ্থতাহে।সাহসী ৱেটাৰজনে সেই সময়ত অধৈৰ্য নহৈ সমাধানৰ পথ বিচাৰিছিল আৰু সমস্যাক আঁতৰাই পঠিয়াবলৈ সমৰ্থ হৈছিল।

মই অনুভৱ কৰিলোঁ, মোৰ দেউতা, বচ্ নাইবা মোৰ পত্নীৰ চিঞৰ-বাখৰ বোৰ মোৰ সমস্যা নহয়,তেনে পৰিস্থিতি চম্ভালিব পৰাৰ মোৰ অসমৰ্থতা খিনিহে মোৰ সমস্যা।

"More than the problem, it's my reaction to the problem that creates chaos in my life..."

সুন্দৰ পিচাই(CEO, google)ৰ ভাষণৰ কিয়দাংশ:
অসমীয়াত যুগুতালে- অনিন্দিতা স্বৰ্ণকাৰ


Related: হাতীৰ শিকলিডালৰ পৰাও আপুনি শিকিব পাৰে সম্ভাৱনীয়তাৰ আদিপাঠ

Comments

Post a Comment